বিধায়ক সুশান্ত বৰগোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল বকতা ন নাথ গাওঁ।

ডিমৌ সমীপৰ বকতা ন নাথ গাওঁৰ ৰাইজৰ প্ৰতিবাদ। পথ নিৰ্মান নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান।

বিধায়ক সুশান্ত বৰগোহাঁই মুৰ্দাবাদ ধ্বনিৰে উত্তাল বকতা ন নাথ গাওঁ।

পথৰ দুৰৱস্থাই জলা কলা খুৱাইছে ডিমৌ সমীপৰ বকতা ন নাথ গাওঁৰ ৰাইজক।

দৈনিক শিক্ষা গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলে বোকা পানীয়ে যাতায়ত কৰিব লগাত বহু সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও জৰুৰীকালীন সেৱাৰ বাবে এম্বুলেন্স আদি গাওঁখনত প্ৰৱেশ কৰিব নোৱাৰা এক পৰিবেশ হৈ পৰিছে।

যাৰ ফলত আজি ন নাথ গাওঁৰ ৰাইজে পথৰ দুৰৱস্থাৰ কথা ক’বলৈ এইদৰে প্ৰতিবাদমুখৰ হৈ পৰে।

বকতা ন নাথ গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁইক এই কদৰ্যময় পথটো পকীকৰণ কৰিবলৈ বহুবাৰ আবেদন কৰিছিল যদিও কোনো সুফল নোপোৱাত মুখ্যমন্ত্ৰীক পথ নিৰ্মাণ কৰিবলৈ দাবী জনাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে।আনহাতে, তিনিবাৰকৈ ভোট দি সুশান্ত বৰগোহাঁইক নিৰ্বাচনত জয়যুক্ত কৰি অহাৰ পাছতো আজিলৈকে সমষ্টিতোৰ বিভিন্ন অঞ্চলৰ কদৰ্যময় পথবোৰ নিৰ্মাণ কৰি নিদিয়াত বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এইসকল ক্ষোভিত ভুক্তভোগী জনতাই।

ইফালে, অতি শীঘ্ৰে এই জৰাজীৰ্ণ পথচোৱা নিৰ্মাণ নকৰিলে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে বকতা ন নাথ গাওঁৰ ভুক্তভোগী ৰাইজে। এতিয়া প্ৰশ্ন হয় বকতা মৌজাৰ নেমুগুৰি গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ন নাথ গাওঁৰ ৰাইজৰ দুৰ্দশাৰ কথা বিধায়ক গৰাকীৰ দৃষ্টি আকৰ্ষণ হবনে।