ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত তৃতীয়, চতুৰ্থ বৰ্গৰ পদত নিযুক্তি প্ৰাপ্ত আৰু গীনিজ বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট বিহুৱা-বিহুৱতীক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় ।
ৰঙিয়াত স্থানীয় বিধায়ক ভবেশ কলিতাৰ ব্যাতিক্ৰমী পদক্ষেপ। ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে যোগ্য বিবেচিত ৰঙিয়াৰ প্ৰাৰ্থী সকলক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। আনহাতে উক্ত অনুষ্ঠানতে গীনিজ বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট স্থানীয় বিহুৱা-বিহুৱতী সকলকো জনোৱা হয় বিশেষ সম্বৰ্দ্ধনা। ৰঙিয়া হৰদত্ত বীৰদত্ত ভবনত তদুপলক্ষে অনুষ্ঠিত সভাত উপস্থিত থাকি স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই সম্বৰ্দ্ধনা প্ৰাপ্ত সকলক উদ্দেশ্যী শুভেচ্ছা মূলক ভাষণ ৰাখে। সভাত বিজেপি দলৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি সুবল পাল,পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতা প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত থাকে।অনুষ্ঠান টোৰ সফল ৰূপায়ণত সহযোগ কৰে বিজেপি যুৱ মৰ্চাৰ ৰঙিয়া ব্লক আৰু নগৰ মণ্ডলৰ কৰ্মকৰ্তা সকলে ।