আমগুৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি
এইবাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা দুলু হাজৰিকা।
দীৰ্ঘ দিন ধৰি আমগুৰি দ্বাৰা পৰিচালিত বিদ্যুৎ বিভাগে জ্বলা কলা খুৱাইছে ৰাইজক।
আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাকো সমালোচনা কৰে কৃষক নেতা গৰাকীয়ে।
এজাক সামান্য বতাহ বা বৰষুণ আহিলেই আমগুৰিত বিদ্যুৎ সেৱা কৰ্তন কৰাটো যেন দৈনিক নিয়মত পৰিণত হৈছে।
আনফালে অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিয়ে গ্ৰাহকক বাৰুকৈয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক।
সামান্য এজাক বৰষুণ,বতাহ আহিলেই অন্ধকাৰ হৈ পৰে আমগুৰিৰ বিভিন্ন অঞ্চল।
অতি শীঘ্ৰেই বিদ্যুৎ বিভাগক এই সমস্যা দূৰ কৰিবলৈ সকীয়নি কৃষক নেতা গৰাকীৰ।