বিদ্যুত মাছুল বৃদ্ধি সম্পৰ্কে এ পি ডি চি এলৰ অধ্যক্ষ ড° দেৱজিত মহন্তৰ মন্তব্য৷
আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ বৰভাগ মহাবিদ্যালয়ত আয়োজিত চেফ পাৱাৰ, চেফ মাণি, চেফ আৰ্থ শীৰ্ষক আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাবে উপস্থিত থকা অৱস্থাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ বিদ্যুত মাছুল বৃদ্ধি সম্পৰ্কে মন্তব্য দিয়ে৷
তেওঁ বিদ্যুত মাছুল বৃদ্ধি আৰু ৰাইজৰ প্ৰতিবাদৰ ওপৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে দিয়া মন্তব্যৰ ওপৰতো গুৰুত্বপূৰ্ণ বক্তব্য দিয়ে৷ তেখেতে কয় যে, বিশ্বজিত দৈমাৰীয়ে যি মন্তব্য দিছে সেইটো তেঁওৰ বক্তিগত মন্তব্য।
তেখেতে কয় যে অসমক প্ৰত্যেক দিনাই ২০০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয়। কিন্তু, বৰ্তমান অসমে মাত্ৰ ৪০০ মেগাৱাট বিদ্যুতহে নিজাকৈ উৎপাদন কৰিব পাৰিছে। এই ঘাটি হোৱা ১৬০০ মেগাৱাট বহিৰৰ পৰা কিনিব লগা হয় আৰু যেতিয়াই বিদ্যুতৰ দাম বাহিৰত বৃদ্ধি পায়, তেতিয়াই অসমটো বিদ্যুতৰ মাছুল বৃদ্ধি কৰিব লগা হয়।
তেখেতে লগতে উল্লেখ কৰে যে, যোৱা মাহত বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ২৫ পইচাকৈ হ্ৰাস পাইছিল, যিটো চাগে সকলো অবগত নাছিল।
তেখেতে আৰু কয় যে, চৰকাৰখনে এই দৈনিক ঘাটি হোৱা বিদ্যুতৰ নাতনি দুৰ কৰিবলৈ অসৰহ চেষ্টা কৰি আছে আৰু ২৫০০ মেগাৱাট বিদ্যুত উৎপাদনৰ প্ৰকল্প হাতত লৈছে। গতিকে অনাগত সময়ত এই সমস্যা দুৰ কৰিবলৈ চৰকাৰ দায়বদ্ধ আৰু বিদ্যুত বিভাগেও যি সহায় সহযোগ কৰিব লাগে তাক দি যাবলৈ দায়বদ্ধ।