বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে ডেক্স বেঞ্চ নথকাত প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক ঘৰলৈ পঠিয়াই দিলে

সমস্যাৰে জৰ্জৰিত সোনাইকোলা হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বঙাইগাঁও জিলাৰ সোনাইকোলা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে ডেক্স বেঞ্চ নথকাত প্ৰধান শিক্ষকে ছাত্ৰ ছাত্ৰীক ঘৰলৈ পঠিয়াই দিয়াক লৈ উত্তেজনা সৃষ্টি হয়।

প্ৰাপ্ত তথ্য অনুযায়ী বিদ্যালয় খনৰ আন্তঃগাঠনি একেবাৰে দুৰ্বল। পৰ্যাপ্ত পৰিমাণৰ নাই শ্ৰেণী কোঠা, নাই ডেস্ক বেঞ্চ । নাই শ্ৰেণীৰ শাখা। সৰু এটা কোঠালীতে বহিব লগীয়া ১০০ ৰ পৰা ১৫০ লৈকে ছাত্ৰ ছাত্ৰী। এখন বেঞ্চত বহিব লাগে ৬/৭ জনকৈ ছাত্ৰ ছাত্ৰী। প্ৰায় ৭০০ শ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ত বিষয় শিক্ষক মাত্ৰ তিনি জন, প্ৰধান শিক্ষকক লৈ কনিষ্ঠ সহায়ক সহ পাচঁ জন ষ্টাফ।

এই ক্ষেত্ৰত জিলা উপায়ুক্ত, তথা জিলা শিক্ষা বিষয়া জ্যোৎস্নাৰাণী বৰ্মণক বাৰ বাৰ আবেদন নিবেদন কৰি থকাৰ ফলতো কনো ধৰণৰ সহায় সহযোগিতা লাভ কৰা নাই। যাৰ ফলত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

আনফালেদি ২০২২ – ২৩ বৰ্ষৰ আন্ত গাঁঠনিৰ টকাৰ পৰাও বঞ্চিত হয় স্কুলখন। প্ৰধান শিক্ষকৰ প্ৰতি ৰাইজে কিছু অভিযোগ উত্থাপন কৰিছিল যদিওঁ প্ৰধান শিক্ষকে সেই অভিযোগ খণ্ড কৰি কয়, এই বেলি আন্ত গাঁঠনিৰ টকাও পোৱা নাই যাৰ ফলত ছাত্ৰ ছাত্ৰীক বহিব দিব পৰা নাই। শিক্ষকে এটা শ্ৰেণীত পাঠদান কৰিলে আনটো শ্ৰেণী কোঠা খালী থাকে। এই উৎকট গৰমত এজন শিক্ষকে একে লেঠাৰীয়ে ৭ টা প্ৰিয়দ কৰিব লগা হৈছে। প্ৰধান শিক্ষক কয় যে পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে ডেক্স বেঞ্চ আৰু অস্থায়ী ভাবে শিক্ষক নিযুক্তিৰ কাৰনে বছৰি ৫০০ টকাকৈ ছাত্ৰ ছাত্ৰীৰ পৰা বৰঙণি হিচাবে লোৱাৰ সিদ্ধান্ত লৈছিল যদিওঁ সেই কাম সম্পূৰ্ণ হৈ উঠা নাই নাই। এশ এবুৰি সমস্যা থকা সত্বেও এই বিদ্যালয় খনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ১০৭ গৰাকী, তাৰে প্ৰথম বিভাগত ১৪ জন, দ্বিতীয় বিভাগত ২৭ জন আৰু তৃতীয় বিভাগত ৬৬ জন। উৰ্ত্তীৰ্ণৰ হাৰ ৮৪%।

সেয়ে অসমৰ মূখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী, স্থানীয় বিধায়ক, জিলা উপায়ুক্ত তথা জিলা শিক্ষা বিষয়াক স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতি সমন্বিতে প্ৰধান শিক্ষকে আবেদন জনাইছে যাতে অতি সোনকালে বিদ্যালয়ৰ সকলো অভাৱ পূৰণ কৰি দিয়ে ।