বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ শিৱসাগৰত আত্মসমৰ্পণঃ কঠোৰ শাস্তি প্ৰদানৰ দাবী চাহ জনগোষ্ঠীয় সংগঠনৰ

বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ শিৱসাগৰত আত্মসমৰ্পণ–কঠোৰ শাস্তি প্ৰদানৰ দাবী চাহ জনগোষ্ঠীয় সংগঠনৰ ।

শিৱসাগৰঃ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ অৱশেষত আত্মসমৰ্পণ।

শিৱসাগৰৰ কোনো অজ্ঞাত স্থানৰ পৰা আহি আজি পুৱা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আত্মসমৰ্পন দত্তৰ।

এয়া কোনো পথ নেদেখি কৰা আত্মসমৰ্পণ নে আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই ৷

উল্লেখ্য যে, বনকৰা মহিলা অনিমা প্ৰজাক নিৰ্যাতন চলোৱা শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা থানাত ৩৬/২০২৩ নং গোচৰ ৰুজু হৈ আছে। ইয়াৰ উপৰিও ২০১৯ চনত অনিল পাটৰ নামৰ এগৰাকী হ’মগাৰ্ডক নিৰ্যাতন চলোৱা, ৰাজকুমাৰ গগৈ নামৰ এজন দেহৰক্ষী জোৱানক নিৰ্যাতন চলোৱা সন্দৰ্ভতো শিৱসাগৰ থানাত ৰুজু হৈ থকা ১৫৯/২০১৯ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬ আৰু ৩৩৪/২০১৯ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৫০৬ আৰু এছ পি এ চি চি/চি/১৪০/এছ পি (SVR/2019) ৰ অধীনত আৰক্ষীয়ে তদন্ত কৰি আছিল।

বৰ্তমান শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মাৰাথন জেৰাৰ সন্মুখীন হৈ থকা বিষয়া গৰাকী সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰা নাই শিৱসাগৰ আৰক্ষীয়ে।উপৰোক্ত গোচৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি জিম্মাত ল’ব নে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব সেয়া এতিয়াও স্পষ্ট নহয়।

আনহাতে ঘটনা প্ৰসংগত আজি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাহ জনজাতি সংগঠনৰ নেতৃত্ব উপস্থিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চাহ জনগোষ্ঠীৰ সংগঠনৰ নেতা সুৰেশ তাঁতীয়ে বিষয়াগৰাকীক ৰাজ আতিথ্য প্ৰদান কৰাৰ সলনি সাধাৰণ অপৰাধীৰ দৰে আচৰণ কৰিবলৈ আহবান জনায়। এগৰাকী মহিলাক অমানুষিক আচৰণ কৰা শুভলক্ষ্মী দত্ত আৰক্ষী বিষয়াৰ নামত এক ভাবুকি বুলি উল্লেখ কৰি বিতৰ্কিত আৰক্ষী বিষয়া গৰাকীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।