বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

দেওবাৰে নিশা গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ মৃতদেহ ৰাজপথত উদ্ধাৰৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । সকলোৱে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপিত কৰিছিল ।

এই ঘটনাৰ পিছতেই সোমবাৰৰ দিনটোত আৰক্ষীয়ে অভিযুক্ত হাছানুৰ ইছলামৰ এজন যুৱকক গ্রেপ্তাৰ কৰে । লগতে হাছানুৰৰ এখন বাহনো জব্দ কৰা হৈছে । মাটিয়া বজাৰত কাপোৰৰ দোকান আছে হাছানুৰৰ । ইতিমধ্য়েই আদালতত হাজিৰ কৰোৱা হ’ল হাছানুৰ ইছলামক ।

গুৱাহাটীত সংবাদমেল সম্বোধন কৰি অসম চিআইডিৰ, ডিআইজি দেবৰাজ উপাধ্যায়ে জনাই যে, “অভিযুক্তজনে স্বীকাৰ কৰিছে যে তেওঁ মহিলাগৰাকীক হত্যা কৰিছিল আৰু দেওবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত তেওঁৰ মৃতদেহটো পেলাই দিছিল।

ভুক্তভোগীজন যোৱা দুবছৰ ধৰি অভিযুক্তৰ সৈতে অবৈধ সম্পৰ্কত আছিল আৰু আন এগৰাকী মহিলাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। এইলৈ আৰু তেওঁলোকৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ, ভুক্তভোগীয়ে তেওঁৰ সৈতে এবাৰ লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। সেই অনুসৰি, তেওঁ তাইক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে এখন গাড়ীৰ ভিতৰত লগ ধৰিছিল। তেতিয়াই দুয়োজনৰ মাজত তীব্ৰ বাক-বিতণ্ডা হৈছিল, যাৰ পিছত অভিযুক্তজনে জোনালী নাথৰ ডিঙিত চেপি ধৰে আৰু শ্বাসৰুদ্ধ কৰি হত্যা কৰে। ফৰেনচিক চিকিৎসকসকলেও একেটা কথাকে নিশ্চিত কৰিছে।”