বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি জয় পাণ্ডাক হত্যাৰ ভাবুকি

নতুন দিল্লীঃ বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি জয় পাণ্ডালৈ ফোনযোগে আহিছে মৃত্যুৰ ভাবুকি। দিল্লী আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছে জয় পাণ্ডাই।

দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, জয় পাণ্ডাৰ সহায়কলৈ আহিছিল সেই বিশেষ ফোন কলটো। ফোনযোগে অচিনাক্ত দুৰ্বৃত্তই জয় পাণ্ডাক মৃত্যুৰ ভাবুকি দিছিল। উৰিষ্যাৰ স্বাস্থ্যমন্ত্রী নব দাসক হত্যা কৰাৰ দৰেই দুৰ্বৃত্তই জয় পাণ্ডাকো হত্যা কৰা হব বুলি ভাবুকি দিয়ে।

ফোনকলটো পোৱাৰ পাছতেই জয় পাণ্ডাই সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰে। দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। জয় পাণ্ডাক হত্যাৰ ভাবুকি দিয়া ফোন কলটো ক’ৰ পৰা আহিছিল সেইটো চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে আৰক্ষীয়ে। অৱশ্যে হত্যাৰ ভাবুকি দিয়া ব্যক্তিজনৰ কোনো তথ্য এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসক গাড়ীৰ পৰা নামি অহাৰ সময়ত মন্ত্রী গৰাকীক লক্ষ্য কৰি গুলীচালনা কৰিছিল এগৰাকী সহকাৰী উপপৰিদৰ্শকে ।