বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি- পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ।

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি- পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ।

গৌৰীসাগৰৰ চাৰিঙত অংশুমান বৰা নামৰ বিজেপি কৰ্মী জনৰ বিৰুদ্ধে এই অভিযোগ।

পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নামৰ এহাল দম্পত্তিক লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে অংশুমান বৰাই ।

দেওবাৰে অনুষ্ঠিত বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবেই পূৰ্ণিমা চাংমাইৰ মূৰ ফালে অংশুমান বৰাই। পূৰ্ণিমা চাংমাইৰ ঘৰত প্ৰৱেশ কৰি বিজেপি কৰ্মী অংশুমান বৰাই কাপোৰ ফলা লগতে পেট-পিঠি, মূৰ, হাত, বুকুত গুৰিয়াই। লাঠিৰে মৰিয়াই।

ৰাতি ৮-৩০ বজাত সংঘটিত এই ঘটনাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশাই গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত মহিলাগৰাকীক শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।