গুৱাহাটীঃ বিজেপিৰ সভাপতি পদৰ পৰা অব্যাহতি ল’লে ভবেশ কলিতাই। কলিতাৰ সলনি এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে জয়ন্ত কুমাৰ দাসক।
সম্প্ৰতি বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব লোৱা জয়ন্ত কুমাৰ দাসে বিজেপিৰ উপ–সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।
অৱশ্যে ভৱেশ কলিতাই সাময়িকভাৱেহে অব্যাহতি লৈছে দলৰ পৰা। ভৱেশ কলিতাৰ মাতৃ বিয়োগৰ হেতু এই দায়িত্ব দিয়া হৈছে জয়ন্ত কুমাৰ দাসক। ভৱেশ কলিতাৰ অনুপস্থিতিত এতিয়া সাময়িকভাৱে এই দায়িত্ব দাসক দিয়া হৈছে।