বিজেপিৰ ‘অমৃত কলহ’ যাত্ৰাত অংশ লৈ দুই কংগ্ৰেছী নেতা বিপদত

গুৱাহাটীঃ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যজুৰি চলি থকা অমৃত কলহ যাত্ৰাত অংশ লোৱাৰ বাবে কংগ্ৰেছৰ দুই নেতাক আজি নিলম্বন কৰা হয়।

মঙলবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা এক নিলম্বন পত্ৰৰ জৰিয়তে এই নিৰ্দেশনা প্ৰদান কৰা হয়।

অমৃত কলহ যাত্ৰাত ভাগ লৈ নিলম্বিত হোৱা কংগ্ৰেছ নেতা দুগৰাকী হৈছে গোৱালপাৰ জিলাৰ মাটিয়া ব্লক কংগ্ৰেছৰ সভাপতি আইনাল হক চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী আফ্ৰুজা বেগম

নিলম্বন পত্ৰত উল্লেখ কৰা হয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্যৰ লগতে ৰাহুল গান্ধীক ৰাৱনৰ অৱতাৰ বুলি বিজেপি নেতাই মন্তব্য কৰি থকাৰ সময়ত কংগ্ৰেছ নেতা কেইগৰাকীয়ে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা এই জনসংযোগ কাৰ্ষসূচীত অংশ লৈ দলৰ ক্ষতি কৰিছে।

নিৰ্দেশনাটোত আৰু উল্লেখ কৰে যে, তেওঁলোকৰ এই কাৰ্যই দলৰ অন্য নেতা-কৰ্মীসকলকো মোহ ভংগ কৰিছে। সেয়ে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দুয়োগৰাকী কৰ্মকৰ্তাকে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।