বিকি কৌশল অভিনীত ছেম বাহাদুৰৰ শক্তিশালী টিজাৰ মুকলি

Entertainment Desk: মুক্তি পালে বিকি কৌশলৰ বহু প্ৰত্যাশিত ছবি ছেম বাহাদুৰৰ টিজাৰ । ১.২৬ মিনিটৰ এই শক্তিশালী টিজাৰটোত দেখা গৈছে বিকি কৌশলৰ দেশপ্ৰেমমূলক মনোভাৱ ।

‘ৰাজী’ৰ পিছত বিকি কৌশলে আকৌ এবাৰ চেম বাহাদুৰৰ বাবে মেঘনা গুলজাৰৰ সৈতে একেলগে কাম কৰিছে। চেম বাহাদুৰ হৈছে বছৰটোৰ আটাইতকৈ প্ৰত্যাশিত চলচ্চিত্ৰসমূহৰ ভিতৰত এখন কিয়নো ছবিখনে ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল চেম মানেকশ্ব’ৰ কাহিনীৰ আধাৰত নিৰ্মিত যি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ বিজয়ত যথেষ্ট অৰিহণা আছিল আছিল আৰু বিশ্বৰ নতুন মানচিত্ৰ আঁকিবলৈ আৰু বাংলাদেশক নিৰ্মাণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উল্লেখ্য যে, প্ৰযোজক ৰনি স্ক্ৰুৱালাই ভাৰত বনাম পাকিস্তান ক্ৰিকেট বিশ্বকাপৰ খেলৰ মাজত ছবিখনৰ টিজাৰ প্ৰদৰ্শন কৰিবলৈ ষ্টাৰ নেটৱৰ্কৰ সৈতে এক বিশেষ চুক্তি কৰিছে ।

চেম মানেকশ্ব’ৰ পৰিচালনা কৰিছে মেঘনা গুলজাৰে, যি তলৱাৰ, ৰাজী আৰু ছাপাকৰ বাবে জনাজাত। ছবিখনত ফাতিমা ছানা শ্বেখ আৰু সান্যা মালহোত্ৰাও মুখ্য চৰিত্ৰত অভিনয় কৰিছে।