বাহাৰঘাট নালন্দা পাব্লিক স্কুলত সফুৰা বৃত্তি পৰীক্ষাত পাৰদৰ্শিতা দেখুৱা ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা

বাহাৰঘাটঃ আজি বাহাৰঘাট নালন্দা পাব্লিক স্কুলত সফুৰা বৃত্তি পৰীক্ষাত পাৰদৰ্শিতা দেখুৱা ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

পূৱাৰ প্ৰাৰ্থনাৰ সময়তে সম্বৰ্ধনা বাৰজনকৈ কৃতি ছাত্ৰছাত্ৰীক৷

নলবাৰী জিলাৰ অন্তৰ্গত বাহাৰঘাট নালন্দা পাব্লিক স্কুলত আজি পূৱা বাৰজনকৈ কৃতিমান ছাত্ৰছাত্ৰীক গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই৷ উল্লেখ্য যে ইংৰাজী মাধ্যমৰ চি বি এছ চি পাঠ্যক্ৰমৰ অন্তৰ্গত উক্ত বিদ্যালয়ৰ পৰা মুঠ একৈশ গৰাকী ছাত্ৰছাত্ৰীয়ে সফুৰা প্ৰতিভা সন্ধানী পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ইয়াৰ ভিতৰত বাৰজনে বিশেষ কৃতিত্ব দেখুৱাৱলৈ সক্ষম হয়৷

ইয়াৰ ভিতৰত চি বি এছ চি পাঠ্যক্ৰমৰ অধীনত নালন্দা পাব্লিক স্কুলৰ ছাত্ৰ বিশাল লহকৰে বৰভাগ কেন্দ্ৰৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনে৷ ইয়াৰোপৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা অন্য ছাত্ৰছাত্ৰী সকল হ’ল ক্ৰমে হৰ্ষিতা শইকীয়া, হৰ্ষিতা লহকৰ, নিচা আহমেদ, পৰিস্মিতা তালুকদাৰ, পাহি লহকৰ, ধীমান ভৰালী, চয়নজ্যোতি কলিতা, দানিয়েল কাশ্যপ, প্ৰিয়াংকুশ শৰ্মা, ত্ৰিস্মীতা লহকৰ আৰু ঋষিকেশ কলিতা৷

উল্লেখ্য কৰিবলগীয়া যে প্ৰতিষ্ঠা কালৰে পৰা উক্ত ইংৰাজী মাধ্যমৰ বিদ্যালয় খনে অঞ্চলটোত শৈক্ষিক দিশত উত্তৰণ ঘটাবলৈ সক্ষম হৈছে৷