বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

১৩৫ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰছাত্ৰীক জনাই এই বিশেষ অভিনন্দন অনুষ্ঠান৷

বাহাৰঘাটঃ নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান আজি দিনৰ ১১-০০ বজাত সানেকুছিস্থ পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হয়৷

বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদিব ভাগৱতী উপস্থিত থাকি কয় যে অভিনন্দন লোৱাৰ পিচত ছাত্ৰছাত্ৰীৰ দায়িত্ব বাঢ়ে৷ ছাত্ৰছাত্ৰী সকল সদায় অঞ্চলটো আৰু জাতিৰ প্ৰতি দায়বদ্ধ হব লাগিব৷ তেওঁ কয় যে আমি প্ৰথমতে অসমীয়া হব লাগিব, তাৰ পিচত ভাৰতীয় আৰু তাৰপিছত বিশ্বৰ কথা জনিব লাগিব৷

অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি অভিনন্দিত ছাত্ৰছাত্ৰী সৰলক উদ্দেশ্যি বিভিন্ন পৰামৰ্শ দিয়াৰ লগতে শিপাৰ লগত সম্পৰ্ক ৰাখি নিজৰ ভবিষ্যত গঢ় দিবলৈ পৰামৰ্শ দিয়৷৷

আনহাতে অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মা, প্ৰতিবিম্ব লাইভৰ পৰিচালন সঞ্চালক তফিকউদ্দিন আহমেদ, প্ৰাক্তন ছাত্ৰনেতা তথা বৰ্তমানৰ বিশিষ্ট ব্যৱসায়ী প্ৰদীপ কুমাৰ গোস্বামী৷ গোস্বামীয়ে সভাত তেওঁ কয় যে অনাগত দিনত বাহাৰঘাট অঞ্চলত যিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাব তেওঁক ২০’০০০/= বিশ হেজাৰ টকাৰ বটাঁ প্ৰদান কৰিব৷ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য কুলদীপ গৌতম শৰ্মা, নলবাৰী জিলা আছুৰ সাংগাঠনিক সম্পাদক হীৰকজ্যোতি শৰ্মা, অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুলৰ প্ৰধানশিক্ষক গিৰীন্দ্ৰ দেৱ শৰ্মা, প্ৰাক্তন ছাত্ৰনেতা তথা শিক্ষক বিনোদ কলিতা আদিকৰি কেইবাজনো বিশিষ্ট লোকে বক্তব্য দিয়ে৷ বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আতধৰা অভিনন্দন অনুষ্ঠানত ১৩৫ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক মানপত্ৰ আৰু কলমৰে অভিনন্দন জনাই৷

অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী কমলা দেৱীৰ পৰিচালনাত এটি ৰাভা সংগীত পৰিবেশনৰে পৰিবেশটো আকৰ্ষনীয় কৰি তোলে৷ ইয়াৰোপৰি অনুষ্ঠানত কৌশিক কলিতা আৰু সংগীবৃন্দৰ বাঁহীবাদনে পৰিবেশ অধীক জিপাল কৰে৷