বাহাৰঘাটত নিশা দুৰ্বৃত্তই কাটিছিল বৰলীয়া নৈৰ মঠাউৰি৷
কথামপি ৰক্ষা পৰিল বৰভাগ বাহাৰঘাটৰ বৃহত্তম অঞ্চলটো৷
নিশা এন্ধাৰ সুযোগলৈ কোনোৱা দুৰ্বৃত্তই বাহাৰঘাট আৰু হীৰাপাৰাৰ মাজৰ আমপাৰা কুৰত মঠাউৰি কতি ভয়াবহ বিপদত পেলাব খুজিছিল বৃহত্তৰ বৰভাগৰ ৰাইজক৷
ৰাইজৰ তৎপৰাত ৰক্ষা পৰে বৃহত্তৰ অঞ্চলটো৷
অবেশ্যে শেহতীয়া তথ্যমতে নিশা জলসম্পদ বিভাগ আৰু নলবাৰী জিলা প্ৰশাসনে কটা অংশ মেৰামতি কৰে৷
সম্প্ৰতি বিপদ মুক্ত যদিও নৈৰ জলপৃষ্ঠ এই মুহুৰ্তলৈ বৃদ্ধি হৈয়ে আছে৷