বাজপেয়ী ভৱনত চাকৰিৰ বেহাৰ বিৰুদ্ধে শিৱসাগৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ
শিৱসাগৰঃ ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজহুৱা হোৱা নিযুক্তি কেলেংকাৰীৰ নামত বিজেপিৰ একাংশ নেতা-কৰ্মীৰ নাম সাঙোৰ খাই পৰাত সৰৱ হৈ পৰিছে অসম প্ৰদেশ কমিটিৰ শিৱসাগৰ জিলা কংগ্ৰেছ।
বাজপেয়ী ভৱনত চাকৰিৰ বেহা চলাই থকাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত দ’লমুখ চাৰিআলিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা কংগ্ৰেছ কমিটি বিষয়ববীয়াৰ সহযোগত আৰু যুৱ কংগ্রেছৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ সাব্যস্ত একাংশ কৰ্মকৰ্তাই সমদল বাহিৰ কৰি ‘নিযুক্তি কেলেংকাৰী বন্ধ কৰক”, “বিজেপি চৰকাৰ মুৰ্দাবাদ” আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে।
আটক হোৱা বিজেপিৰ একাধিক বিষয়ববীয়াই দলৰ শীৰ্ষ মহললৈ চাকৰিৰ নামত সংগ্ৰহ কৰা ধন যায় বুলিও অভিযোগ উত্থাপন কৰাৰ লগতে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকী নীৰৱ হৈ থকা বুলিও ক্ষোভ উজাৰে প্ৰতিবাদীকাৰী সকলে ।