বাক্সাৰ বৰিকাদঙাত পাগলাদিয়াৰ বালিয়ে পুতি পেলালে শ শ বিঘা কৃষি ভূমি

বাক্সাৰ বৰিকাদঙাত পাগলাদিয়াৰ বালিয়ে পুতি পেলালে শ শ বিঘা কৃষি ভূমি।

বাক্সা জিলাৰ দক্ষিণ পূব বৰিকাদঙা গাঁৱৰ পাগলাদিয়া নদীৰ গাতে লাগি থকা শ শ বিঘা কৃষি ভূমি নদীৰ বালিয়ে পুতি পেলায়। কিছু দিন আগতে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাগলদিয়া নদীৰ বাঢ়নী পানী কৃষি ভূমিৰ ওপৰেৰে বাগৰি গৈ দক্ষিণ পূব বৰিকাদঙা গাঁৱৰ পৰা খাটবাৰী লৈ প্ৰায় তিনিশ বিঘা কৃষি ভূমি নদীৰ শিল-বালিয়ে পুতি পেলাই বিস্তৰ ক্ষতি সাধন কৰে।

কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল কৃষক সকলে শালিধানৰ বাবে মাটি চহ কৰি থকাৰ সময়তে পাগলাদিয়াৰ বাঢ়নী পানী কৃষি ভূমিৰ ওপৰেৰে বাগৰি মৰুভূমি সদৃশ বালিময় কৰি পেলায় ।

যাৰ ফলত কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। একমাত্ৰ উপাৰ্জনৰ থল কৃষি ভূমি এইদৰে বালিয়ে পুতি পেলোৱাত কৃষক সকলৰ মূৰে কপালে হাত দিব লগা হৈছে।

প্ৰাপ্ত খবৰ মতে উক্ত গাঁৱৰ ধীৰেন দৈমাৰী, বিৰেন বড়ো, মুনীন্দ্ৰ বড়ো, বিপুল ডেকা, বিদ্যা বৰ্মন, ৰঞ্জন দৈমাৰী, গোবিন্দ স্বৰ্গীয়াৰী, খগেন বড়ো, ভাবিত ৰামছিয়াৰী, গনেশ বাহাদুৰ চেত্ৰী, মনু বড়ো, দুৰ্গা বড়ো, মেৰগা বড়ো, নাইডু দৈমাৰী, কেন দৈমাৰী, ৰানো দৈমাৰী, ইন্দিৰা দৈমাৰী, কানু ৰামছিয়াৰী, তাৰ্পে বড়ো, উত্তম হালৈ, কিশোৰ দৈমাৰী, কাঞ্চা কাৰ্কীকে ধৰি বহু কৃষকৰ মাটি বালিয়ে পুতি পেলাইছে। সেয়ে ক্ষতিগ্ৰস্ত কৃষক সকলক ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰ তথা বি টি চি প্ৰশাসনক অনুৰোধ জনাইছে।