বাক্সাৰ নবস্তিত ডাম্পাৰৰ খুন্দাত নিহত স্কুলীয়া ছাত্ৰী ।
ডাম্পাৰৰ খুন্দাৰ এগৰাকী স্কুলীয়া ছাত্ৰী নিহত হোৱা ঘটনাক লৈ আজি উত্তপ্ত হৈ পৰে বাক্সাৰ নবস্তি । আজি পুৱা নবস্তিৰ মেচাৰ্চ বসুমতাৰী কেছাৰৰ সন্মুখত এখন নম্বৰ বিহীন ডাম্পাৰৰ খুন্দাত নিহত হয় নবস্তি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী বৰষা কুমাৰী ।
বৰিকাদঙা গাঁৱৰ গনেশ কুমাৰৰ কন্যা বৰষা কুমাৰীয়ে বিদ্যালয়লৈ আহি থকা অৱস্থাত ডাম্পাৰখনে খুন্দিওৱাত ছাত্ৰীগৰাকী থিতাতে মৃত্যু হয়। ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকজনে পলায়ন কৰে। ছাত্ৰীগৰাকীৰ মৃত্যুত অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে ডাম্পাৰখনত অগ্নি সংযোগ কৰি কিছু ক্ষতি সাধন কৰে ।
ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয়। বাগানপাৰাৰ আঞ্চলিক ছাত্ৰ সন্থাই ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহিবলৈ আৰু পৰিয়ালক ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনাইছে । অতি অমায়িক ছাত্ৰী বৰষা কুমাৰীৰ মৃত্যুত বৰিকাদঙা – নবস্তি অঞ্চলৰ ৰাইজৰ লগতে নয়াবস্তি হাইস্কুলৰ শিক্ষক কৰ্মচাৰী গোটৰ লগতে ছাত্ৰ একতা সভাই গভীৰ শোক প্ৰকাশ কৰিছে ৷ উল্লেখ যে বাগানপাৰা , ধমধমা , নবস্তিকে ধৰি সমগ্ৰ অঞ্চলটোত ডাম্পাৰৰ দৌৰাত্মত ৰাইজ অতিষ্ঠ হৈ পৰিছে । কোনো নথি পত্ৰ নোহোৱাকৈ চলি থকা এই ডাম্পাৰসমূহক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে প্ৰশাসন আৰু পৰিবহন বিভাগক দাবী জনাইছে ৷