বাক্সাৰ উজিৰখাটত পাঁচ বছৰে নিৰ্মাণ নহ’ল দলং।
পুৰুষ-মহিলাই শ্ৰমদানেৰে মেৰামতি কৰিলে বাঁহৰ দলং।
ধমধমাঃ ধমধমাৰ নিকটৱৰ্তী তথা বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গড়ভিতৰ গাঁৱৰ ঠাকুৰচুপা-উজিৰখাট সংযোগী গড়কাপ্তানি পথৰ বানবিধ্বস্ত অংশত থকা জৰাজীৰ্ণ বাঁহৰ দলংখন উজিৰখাটৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই আজি ৰাজহুৱা শ্ৰমদানেৰে মেৰামতি কৰে ৷
২০১৯ চনত পাগলাদিয়া নদীৰ বিধ্বংসী বানে চিঙি পেলোৱা ঠাকুৰচুপা – উজিৰখাট পথটোত এখন বাঁহৰ দলং নিৰ্মাণ কৰি কোনোমতে যাতায়াত কৰাৰ ব্যৱস্থা কৰা হৈছিল। আজিলৈকে পথচোৱাত লোকনিৰ্মাণ বিভাগ তথা বি টি আৰ কৰ্তৃপক্ষই পকী দলং নিৰ্মাণৰ ব্যৱস্থা নকৰাত এই বাঁহৰ দলংখন ৰাইজে পুনৰ নিৰ্মাণ তথা মেৰামতি কৰি থাকিবলগীয়া হৈছে ৷
বিগত প্ৰায় পাঁচ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত যাতনা ভোগ কৰা উজিৰখাট অঞ্চলৰ ৰাইজে এই বানবিধ্বস্ত অংশত পকী দলং নিৰ্মাণ কৰিবলৈ লোকনিৰ্মাণ বিভাগ তথা বি টি আৰ কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজিলৈকে দলং নিৰ্মাণৰ ব্যৱস্থা হোৱা নাই । ফলত স্থানীয় ৰাইজে এই বাঁহৰ দলংখন মেৰামতি কৰি থাকিবলগীয়া হৈছে ৷
শেহতীয়াকৈ এই বাঁহৰ দলংখন বিধ্বস্ত হৈ পৰাত উজিৰখাট অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় – মহাবিদ্যালয়লৈ অহা-যোৱা কৰাত যথেষ্ট অসুবিধা সন্মুখীন হৈছে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াত সুচল হোৱাকৈ আজি অভিভাৱক তথা পিতৃ-মাতৃসকল ওলাই আহি বাঁহৰ দলংখন মেৰামতি কৰে ৷
বানবিধ্বস্ত পথটোত দলং নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই পথচোৱাত পকী দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৷