বাইহাটা চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ কাণ্ড

ৰঙিয়াঃ দিনে দিনে বৃদ্ধি হৈ আছে বিদ্যুতৰ মাচুল। কিন্তু কি সুবিধা পাইছে সৰ্বসাধাৰনে। বিদ্যুতৰ মাচুল বৃদ্ধিৰ লগে লগে লোড চেডিঙৰ সংখ্যাও বাঢ়ি গৈছে। কিন্তু বিভাগটোৱে কোনো ধৰনৰ সুবিধা দিয়া নাই সাধাৰন জনতাক।

বাইহাটা চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ কাণ্ড দেখিলে চকু কপালত উঠিব । ১১ হাজাৰ বিদ্যুৎ পৰিবাহী তাৰ ওলমি আহি মাটিত লাগো লাগো অৱস্থা। সেই পৰিবাহী তাৰত লাগি এজন কৃষক বিদ্যুৎস্পৃষ্ট হৈছিল যদিও কোনো মতে প্ৰাণ ৰক্ষা পৰিছিল। তাৰ পিচতে স্থানীয় ৰাইজে তাৰ সমুহ চিধা কৰাৰ বাবে বিভাগটোক আবেদন নিবেদন কৰিও কোনো ধৰনৰ সহাৰি নাপালে।

সেয়ে সংবাদ মাধ্যমৰ আগত বিভাগটোৰ বিৰুদ্ধ ক্ষোভ উজাৰে স্থানীয় লোকে ।