ৰঙিয়াঃ আগতে দশম শ্ৰেণীৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিল, ৰাষ্ট্ৰী শিক্ষা নীতিত সেয়া নহয় । অনাগত দুবছৰৰ বাবে আন্ত: গাঠনি নোহোৱাৰ বাবে নবম, দশম, একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহ বৰ্ডৰ পৰীক্ষা হিচাপে অনু্ষ্ঠিত হব । যিহেতু ৰাষ্ট্ৰীয় কাৰিকুলাম মতে নবম, দশম, একাদশ, দ্বাদশ, একেলগ হব লাগে সেই সিদ্ধান্ত অতি সোনকালে লব বুলি কয় অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই।
বাইহাটা চাৰিআলিৰ কমলপুৰত নবম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰন কাৰ্যসূচী মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনদৰে কয় শিক্ষা উপদেষ্টা গৰাকীয়ে। আনফালে ও এম আৰ চিটত পৰীক্ষা অনুষ্ঠিত হলে ছাত্ৰ ছাত্ৰী সকল উপকৃত হব বুলিও উল্লেখ কৰে ননী গোপাল মহন্তই।