বুধবাৰে বাইহাটাত আমন্ত্ৰিত বৰদৈচিলা থিয়েটাৰৰ টিকট উন্মোচন কৰা হ’য়।

ৰঙিয়াঃ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ঐতিজ্ঞ মণ্ডিত বাইহাটা শিৱ মন্দিৰ নিৰ্মাণৰ সাহাৰ্য্যথে অহা ২২, ২৩ আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে আমন্ত্ৰণ কৰা বৰদৈচিলা থিয়েটাৰৰ টিকট মুকলি কৰা হ’য়। শ্ৰীশ্ৰী কৃষ্ণৰ জন্মষ্টমীৰ পবিত্ৰ দিনটোতে মুকলি কৰা হ’ল বৰদৈচিলা ৰ টিকট।

টিকট মুকলিৰ দিনাই ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে উদযাপন ফমিতিয়ে। বাইহাটাস্থিত শিৱ মন্দিৰ, শংকৰ মন্দিৰ আৰু হৰ হৰ মন্দিৰৰ সহযোগত আমন্ত্ৰণ কৰা হৈছে বৰদৈচিলা থিয়েটাৰ নাট্য দলটিক।
কমলপুৰ বাইহাটাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজক মন্দিৰ নিৰ্মাণৰ স্বাৰ্থত বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত বৰদৈচিলা থিয়েটাৰ চাবলৈ অনুৰোধ জনায় উদযাপন সমিতিয়ে।