বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ তীব্ৰ বিৰোধীতা কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সংবাদ মেল ।
অসমত বহিঃ ৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ তীব্ৰ বিৰোধীতা কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে আমগুৰিত এক সংবাদ মেল সম্বোধন কৰে ।
শেহতীয়াভাৱে ৰাজ্য চৰকাৰে শিক্ষা বিভাগত মুঠ ৫৩২০ গৰাকী প্ৰাৰ্থী নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ যো-জা চলাই থকাৰ সময়তে জাতীয় সংগঠনটোৱে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে ।
অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ হৈ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ, সহ সচিব আকাশ বীৰ শইকীয়া আৰু আমগুৰি আঞ্চলিক সমিতিৰ অংকুৰ জ্যোতি গগৈ উপস্থিত থাকে।
সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে কয় যে যি সময়ত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি সৃষ্টি হৈছে সেই সময়ত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক শিক্ষক হিচাপে নিযুক্তি দিব ওলোৱাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । যোৱা দুটা বছৰে ৰাজ্যত শান্তি-শৃঙ্খলা জনিত পৰিবেশৰ উত্তৰণ ঘটিছে বুলি দাবী কৰা চৰকাৰখনে ৰাজ্যৰ কেইবাখনো জিলাত অদ্যাপি বাহাল হৈ থকা “আচফা” আইনখন খাৰিজ কৰাৰো দাবী জনায় সংগঠনটোৱে ।