Entertainment Desk: কিছুদিন পূৰ্বে ডাঙৰ পৰ্দাত মুক্তি পাইছিল ‘জৱান’। শ্বাহৰুখ খানৰ বিপৰীতে দেখা গৈছিল দক্ষিণৰ মোহময়ী অভিনেত্ৰী নয়নতৰাক। এটলীৰ পৰিচালিত ‘জৱান’ৰ জৰিয়তে বলীউদত খোজ দিছিল নয়নতৰাই।
কিন্তু বৰ্তমান অভিনেত্ৰীগৰাকীয়ে ‘জৱান’ক লৈ বিৰক্ত বুলি শুনা গৈছে। ‘জৱান’ত দ্বৈত চৰিত্ৰত দেখা গৈছে কিং খানক। মাত্ৰ ১৩ দিনৰ ভিতৰতে বিশ্বজুৰি প্ৰায় ৯০০ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। আৰু তাৰ মাজতে বহুতৰে অনুমান, নয়নতৰা বলীউদত প্ৰথম কামক লৈ সুখী নহয়।
এক সংবাদ মাধ্যমৰ সূত্ৰত জনা গৈছে, বৰ্তমান অভিনেত্ৰীগৰাকীৰ বলীউদত কাম কৰাৰ কোনো ইচ্ছা নাই। আনকি এটলীৰ প্ৰতিও খুব বিৰক্ত। কাৰণ ছবিখনত তেওঁৰ অভিনয় কৰা বহু অংশ বাদ দিয়া হৈছে। তাৰ উপৰি, তেওঁ মূল চৰিত্ৰত থকা সত্ত্বেও দীপিকা পাডুকণৰ চৰিত্ৰক বেছি গুৰুত্ব দিয়া হৈছে। অভিনেত্ৰীগৰাকীৰ চৰিত্ৰটোক ‘চাইডলাইন’ কৰা হৈছে।
দীপিকাই ইয়াৰ পূৰ্বে শ্বাহৰুখৰ সৈতে একাধিক ছবিত কাম কৰিছে। ‘জৱান’ তেওঁৰ এক কেমিঅ’ আছিল। কিন্তু তেওঁৰ চৰিত্ৰটোক দৰ্শকৰ ওচৰত বেছি প্ৰশংসিত হৈছে। সেয়ে বহুতেই ধাৰণা কৰিছে, এয়া মুঠেও কেমিঅ’ নাছিল। ‘জৱান’কো শ্বাহৰুখ–দীপিকাৰ আন ছবিৰ দৰেই দেখুওৱা হৈছে। সেয়ে বহুতে ধাৰণা কৰিছে যে নয়নতৰাই সিদ্ধান্ত লৈছে যে তেওঁ আৰু বলীউদত কাম নকৰে।
নয়নতৰাই ‘জৱান’ৰ কোনো প্ৰচাৰতো উপস্থিত নাছিল। আনকি বিগত সপ্তাহত মুম্বাইত অনুষ্ঠিত ছাকছেছ পাৰ্টীতো নাছিল অভিনেত্ৰীগৰাকী। অনুষ্ঠানত শ্বাহৰুখৰ পৰা আৰম্ভ কৰি দীপিকা, বিজয় সেতুপতি, অনিৰুদ্ধ ৰবিচন্দৰ, এটলী, ছানিয়া মালহোত্ৰা আৰু ৰিধি ডোগৰাৰ লগতে ছবিখনৰ সকলো কলা–কুশলী উপস্থিত আছিল।
অৱশ্যে জনা গৈছে যে নয়নতৰাই কেতিয়াও ছবিৰ প্ৰচাৰলৈ নাযায়। তেওঁ তেওঁৰ অন্যান্য ছবিৰ ক্ষেত্ৰতো নো প্ৰমোচন নীতি অনুসৰণ কৰে। কাৰণ তেওঁ ভাবে যে তেওঁৰ কাম হ’ল অভিনয় কৰা, প্ৰচাৰ চলোৱা নহয়।