বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী অতুল কলিতাৰ পৰিয়াললৈ চৰকাৰৰ তৎকালীন ৪ লাখ টকাৰ লগতে WWFৰ যোগেদি অতিৰিক্ত ৩ লাখ টকাৰ সাহাৰ্য

মৰিয়নিঃ শুকুৰবাৰে নিশা তিতাবৰৰ বিজয় নগৰত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মী অতুল কলিতাৰ পৰিয়াললৈ চৰকাৰৰ তৎকালীন ৪ লাখ টকাৰ লগতে WWFৰ যোগেদি অতিৰিক্ত ৩ লাখ টকাৰ সাহাৰ্য প্ৰদানৰ প্ৰতিশ্ৰুতি। চৰকাৰৰ হৈ এই প্ৰতিশ্ৰুতি প্ৰদান কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তই।

তিতাবৰত বন্যহস্তীৰ আক্ৰমণত নিহত বনকৰ্মীৰ পৰিয়ালললৈ চৰকাৰৰ এককালিন সাহাৰ্য ঘোষণা।মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত বনকৰ্মী অতুল কলিতাৰ মৃতদেহ দকলংগীয়াস্থিত বাসগৃহলৈ অনাৰ পূৰ্বে মৰিয়নী বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ত বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্ত, জিলা বন বিষয়া, আঞ্চলিক বন বিষয়া, সহ বন কৰ্মীৰ লগতে বিভিন্ন দল সংঘঠনৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচত এই সাহাৰ্যৰ কথা ঘোষণা কৰে।

লগতে নিহত বনকৰ্মীৰৰ পুত্ৰৰ সংস্থাপনৰ ক্ষেত্ৰত শীঘ্ৰে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহন কৰিব।মনকৰিবলগীয়া যে শেহতীয়াভাবে মৰিয়নীত হস্তী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰন কৰিছে।