আজি বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন হৈ যায়।
বাহাৰঘাটঃ নলবাৰী জিলাৰ ধুৰকুছিত অৱস্থিত বড়িগোগ বনভাগ বহুমুখী সমবায় সমিতি লিমিটেডৰ ২০২২/২৩ৰ বাৰ্ষিক সাধাৰণ সভাখন আজি দিনৰ এঘাৰ বজাত সমবায় প্ৰাংগনত অনুষ্ঠিত হৈ যায়৷
সমবায় সমিতি খনৰ সভাপতি গৌতম কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত চৰকাৰী পৰ্য্যবেক্ষক হিচাবে উপস্থিত থাকে পংকজ বৈশ্য আৰু মমিনুল হক৷
সভাৰ আৰম্ভণিৰ পিচতে সভাৰ উদ্দেশ্য আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক বসন্ত বেজবৰুৱাই, ইয়াৰ পিচতে বিগত বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভাৰ কাৰ্য্যবিৱৰণি পাঠৰ পিচতে বিগত বৰ্ষৰ আভ্যন্তৰীণ হিচাব পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে৷
উক্ত সভাতে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তুত আৰ্হি পাঠ আৰু সৰ্বসন্মতি ক্ৰমে তাক গ্ৰহণ কৰে৷ ইয়াৰোপৰি কৰ্মচাৰীৰ নতুন সেৱা বিধি গ্ৰহণ, ২০২৩/২৪ বৰ্ষৰ সম্ভাব্য বাজেট গ্ৰহণ, ২০২৩/২৪ বৰ্ষৰ ঋনৰ সীমা নিৰ্ধাৰণ আদি সকলো সিদ্ধান্ত সমবেত অংশীদাৰ সন্মতত গ্ৰহণ কৰে৷
উল্লেখ্য যে এইবেলি সমবায় খনে মুঠ ৭৫,২৩৫/- টকা লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে বৰ্তমানো চৰকাৰী অনাদায় হৈ আছে ৫৩,৩০,১২১/- টকা৷ উক্ত সভাতে সমবায় সমিতি খনৰ প্ৰাক্তন সভাপতি তথা অন্যতম ভুমিদাতা থানেশ্বৰ গোস্বামী আৰু সমবায়ৰ সতে পূৰ্বৰে পৰা জৰিত থকা কৃতিশিক্ষক ৰামপ্ৰষাদ শৰ্মাক সম্বৰ্ধনা জনাই৷৷