দুৰ্নীতিৰ ভূ স্বৰ্গলৈ পৰিণত হৈছে নগাওঁ জিলাৰ পশ্চিম অঞ্চল।প্ৰায় সকলো কেলেংকাৰীতেই শিৰোনাম দখল কৰে নগাওঁ মৰিগাঁও জিলাৰ সীমামূৰীয়া বৃহত্তৰ অঞ্চলটোৱে।ইতিমধ্যে বিয়াগোম বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ সমান্তৰাল ভাৱে নতুনকৈ পোহৰলৈ আহিছে ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা গ্ৰাম্য দৰিদ্ৰ লোকক লুণ্ঠনৰ তথ্য।প্ৰাপ্ত অভিযোগ অনুসৰি বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমনি পথাৰ গাঁৱৰ জনৈক চুফিয়া খাতুনে পাৰ্লভিন ইণ্টাৰনেচনেল ডিজিটেল বেংকৰ জড়িয়তে চাৰি বছৰৰ ভিতৰত কেইবালক্ষাধিক টকা লাভ কৰাৰ প্ৰলোভন দি বৃহত্তৰ অঞ্চলৰ সহস্ৰাধিক মহিলাৰ পৰা সৰকাই নিয়ে তিনিৰ পৰা পাঁচ হেজাৰকৈ টকা।কিন্তু প্ৰায় পাঁচ বছৰ উকলি যোৱাৰ পিছতো লাভতো বাদেই মূলধনো ঘূৰাই নাপাই আজি প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে এই সকল দৰিদ্ৰ মহিলাই।অৱশেষত ন্যায় বিচাৰি বটদ্ৰৱা থানাত দাখিল কৰিছে এজাহাৰ।পৰৱৰ্তী সময়ত এই সকল মহিলাই নিজৰ সঞ্চিত ধন ঘূৰাই লাভ কৰিবলৈ সক্ষম হয় নে নহয় সময়ত হব লক্ষ্যণীয় হব।