বংগত বহি অসম বিভাজনৰ হুংকাৰ বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ

বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক লৈ সবল হৈছে পৃথক ৰাজ্য গঠনৰ দাবী। তিনিওখন জিলাক লৈ ‘পূৰ্বাঞ্চল’ (Purvanchal) নামেৰে নতুন ৰাজ্য গঠনৰ দাবী বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ৰ। সময়ে সময়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিতৰ্কিত আৰু অপমানজনক মন্তব্য কৰি অহা প্ৰদীপ দত্ত ৰয়ে (BDF leader Pradip Dutta Roy) এইবাৰ পশ্চিমবংগৰ পৰা তুলিলে বৰাকক পৃথক কৰাৰ দাবী। বংগত বহি অসম বিভাজনৰ হুংকাৰ দিলে বৰাকৰ বিচ্ছিন্নতাবাদী BDF নেতা প্ৰদীপ দত্ত ৰয়ে।

ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত প্ৰদীপ দত্ত ৰয়ে কলকাতাত ৰচনা কৰিছে অসমক দ্বিখণ্ডিত কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। বৰাকৰ বাঙালী হিন্দু, মুছলমান, মণিপুৰী আদিকে ধৰি সকলো জাতি জনগোষ্ঠীক লৈ ‘পূৰ্বাঞ্চল’ নামেৰে নতুন ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছে প্ৰদীপ দত্ত ৰয়ে। Barak Democratic Front নামৰ সংগঠনৰ বেনাৰত পশ্চিম বংগৰ কলকাতা প্ৰেছ ক্লাৱত সংবাদমেল পাতি এই দাবী কৰে প্ৰদীপ দত্ত ৰয় নামৰ বৰাকৰ নেতাজনে।

প্ৰদীপ দত্ত ৰয়ৰ অভিযোগ এই যে অসমীয়াভাষী লোকসকলে অসমৰ বাঙালীলোকসকলক অতীজৰে পৰা অপমান কৰি আহিছে। বিশেষকৈ বৰাকৰ বাঙালীসকলে সকলো দিশৰ পৰা লাঞ্ছিত আৰু বঞ্চিত হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰদীপ দত্ত ৰয়ে। আনকি চৰকাৰী চাকৰি আৰু আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰটো বৰাকবাসীয়ে বঞ্চিত হৈ আহিছে বুলি প্ৰদীপ দত্ত ৰয়ে অভিযোগ কৰে।

অসমত বাঙালী ভাষাটোক সহযোগী চৰকাৰী ভাষা নকৰাক লৈও ক্ষোভ প্ৰকাশ কৰে প্ৰদীপ দত্ত ৰয়ে।
প্ৰদীপ দত্ত ৰয়ে দিয়া তথ্য মতে অসমত হিন্দু আৰু মুছলমান বাংলাভাষী প্ৰায় ১ কোটি ২০ লাখ লোক আছে। কিন্তু ইমানৰ পিছতো বাঙালীভাষী লোকসকল বৈষম্যৰ বলী হৈ অহা বুলি অভিযোগ কৰিছে প্ৰদীপ দত্ত ৰয়ে।