ফাটবিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰি বৰ্তমান উদুলি-মুদুলি

ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰি বৰ্তমান দুলি-মুদুলি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনস্থলী ঐতিহাসিক ফাটবিহু আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত মহঘুলি চাপৰিত উদযাপন কৰা হৈছে। পূৱাৰ ভাগৰে পৰা ম’হঘুলি চাপৰি বাকৰিত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ । বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ স্থলী, স্বকীয় বৈশিষ্টৰ সমাহাৰ, ঢকুৱাখনা বাসীৰ হিয়াৰ আমঠু ঐতিহাসিক ফাটবিহু এইবাৰ ১১ খন উপ সমিতিয়ে উদযাপন কৰিছে । পুৱা ১০ বজাত ফাটবিহু সমিতিৰ সভাপতিয়ে পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণিল পৰিক্ৰমাৰ শুভাৰম্ভ কৰে।
উল্লেখ্য যে, ফাট বিহু ব’হাগ মাহৰ শেষৰ শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে প্ৰতিবছৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা হৈছে। চিৰপ্ৰবাহিত চাৰিকৰীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ নৈসৰ্গিক পৰিৱেশত অহা ১৪ মে’লৈকে প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ মেটমৰা কৃষ্টি-সংস্কৃতি।
ফাটবিহুৰ দ্বিতীয় দিনা বিহু বাকৰিত কপৌ ফুল ৰোপণ, থলুৱা শিপিনীৰ মাজত গামোচা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ নিজস্ব পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিশিষ্ট লোক শিল্পী খগেন গগৈয়ে উদ্বোধন কৰিব লগা এই হুঁচৰি প্ৰতিযোগিতাৰ মাজতে ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ “বিহুৱান” উন্মোচন কৰিব বিশিষ্ট লেখিকা, সাহিত্যিক সমালোচক অনুৰাধা শৰ্মা পূজাৰীয়ে ।
অসমীয়া জাতীয় সাংস্কৃতিক সত্তা স্বৰূপ এই ফাটবিহু-২০২৩ৰ তিনিওটা দিনৰ কাৰ্যসূচীত লোক সংস্কৃতিপ্ৰেমীৰ অংশগ্ৰহণ আৰু উপস্থিতি কামনা কৰিছে ফাটবিহু সমিতিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *