প্ৰাক্তন সাংসদ ৰাণী নৰহলৈ CM ভিজিলেন্সৰ চমন

গুৱাহাটীঃ প্ৰাক্তন কেন্দ্ৰীয় জনজাতীয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাণী নৰহ। চাৰিবাৰৰ প্ৰাক্তন সাংসদ ৰাণী নৰহলৈ চি এম ভিজিলেন্সৰ চমন। মঙলবাৰে সোঁশৰীৰে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত হাজিৰ হ’ব লাগিব ৰাণী নৰহ। ২০১৩-১৪ চনত সাংসদ পুঁজিত কেলেংকাৰি হোৱাৰ অভিযোগ। যোৰহাট জিলাত হেণ্ড টিউবৱেল বহুওৱাৰ নামত কেলেংকাৰি কৰাৰ অভিযোগ উত্থাপিত হয়।

২০১৭ চনতে চিএম ভিজিলেন্সত ৰুজু হোৱা গোচৰৰ চমনৰ প্ৰতিলিপি পোৱাৰ পিছতেই সোমবাৰে ততাতৈয়াকৈ সংবাদ মেল সম্বোধন কৰে প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু তেওঁৰ বিধায়ক স্বামী ভৰত চন্দ্ৰ নৰহে।

২০১৩-১৪ চনৰ সাংসদ পুঁজিৰ অপব্যৱহাৰ সম্পৰ্কত ২০১৭ চনত গোচৰ ৰুজু হৈছিল, য’ত ২০১৯ চনত চিএম ভিজিলেন্সে সেই সময়ৰ ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহলৈ চমন পঠিয়াইছিল যদিও ভিজিলেন্সৰ কাৰ্যালয়লৈ তলব কৰা নাছিল। একেটা গোচৰতে এতিয়া ২০২৩ চনত আকৌ কাৰ্যালয়লৈ যোৱাৰ চমন লাভ কৰি ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ নেত্ৰীগৰাকী। সমগ্ৰ ঘটনাক তেওঁৰ বিৰুদ্ধে বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে ৰাণী নৰহে।

ৰাণী নৰহ সাংসদ হৈ থকাৰ সময়ত মাজুলীত সংঘটিত সাংসদ পুঁজিৰ কেলেংকাৰিৰ গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে দুজন বিষয়া। ইফালে নৰহ দম্পতীয়ে সোমবাৰে দিয়া সংবাদ মেলৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লক্ষীমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাই। বিধায়ক মানৱ ডেকাৰ লগতে বিজেপি চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভৰত চন্দ্ৰ নৰহে। বিজেপিৰ ভয়–ভাবুকিক কেৰেপ নকৰোঁ বুলি কয় নৰহ দম্পতীয়ে।