প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ কিছু উন্নতি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰঙিয়াত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ললে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

ৰঙিয়াৰ স্বস্তি হস্পিতালত উপস্থিত হৈ সকলো ধৰণৰ চিকিৎসা চৰকাৰে প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

কালিৰ তুলনাত স্বাস্থ্যৰ অৱস্থা ভাললৈ আহিছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ।

প্ৰয়োজনত কেয়াৰ টেকাৰৰ ব্যবস্থা কৰিব চৰকাৰে।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত সংগ দিয়ে বিধায়ক দিগন্ত কলিতাই।

আনহাতে একালৰ অগপৰ জ্যেষ্ঠ নেতা গৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ ৰঙিয়াত উপস্থিত হয় অসম চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত।

একালৰ অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো দুবাৰকৈ মন্ত্ৰীহোৱাৰ লগতে ৰঙিয়া সমষ্টিৰ তিনি বাৰকৈ বিধায়ক আছিল ।