প্ৰাইজমানি ভলিবল খেলত নগাবন্ধা সমবায় সমিতি ২-০ ত বিজয়ী

লাহৰীঘাটঃ ৩৫ তম মৰিগাঁও জিলা দিবসৰ লগত সংগতি ৰাখি আজি মৰিগাঁও জিলাৰ নগাবন্ধা গাৰ্লচ এম ই স্কুলৰ খেল পথাৰত প্ৰাইজমানি ভলিবল খেল অনুষ্ঠিত কৰা হয়। নগাবন্ধা গাঁও পঞ্চায়ত বনাম নগাবন্ধা সমবায় সমিতিৰ মাজত অনুষ্ঠিত হোৱা ভলিবল খেলত নগাবন্ধা সমবায় সমিতিয়ে ২-০ ৰ ব্যৱধানত বিজয়ী হৈ নগদ ১০,০০০/- ( দহ হাজাৰ টকা) প্ৰাইজমানি লাভ কৰে।

খেলৰ শেষত বঁটা বিতৰণী সভাত আমন্ত্রিত অতিথি হিচাপে সমবায় সমিতিৰ সভাপতি আব্দুল মতিন, সচিব নুপুৰ চক্ৰৱৰ্তী, স্হানীয় সংবাদদাতা অলি উল্লাহ খান, সমবায় সমিতিৰ প্ৰাক্তন সভাপতি লালু মিঞাৰ লগতে স্হানীয় বহু সংখ্যক গন্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

খেলখন পৰিচালনা কৰে হবিবুৰ ৰহমান চিদ্দিকী আৰু আজিম উদ্দিনে। দুয়ো দলৰ অধিনায়কৰ দায়িত্বত আছিল সমবায় সমিতি দলৰ হৈ উপ সভাপতি দৌলত আলী খান আৰু গাঁও পঞ্চায়ত দলৰ হৈ সভানেত্রীৰ স্বামী খাইৰুল ইছলাম।