শিৱসাগৰঃ প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ বাসগৃহত মন্ত্ৰী অতুল বৰা আৰু এ পি চি চিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী। প্ৰণৱজিৎ চলিহা আছিল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ পিতৃ।
শ্ৰদ্ধাঞ্জলি জ্ঞাপন, অতীতৰ কথা সোঁৱৰিলে অতুল বৰাই।
মন্ত্ৰী অতুল বৰাই প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদাই মন্ত্ৰী, এম এল এ নোহোৱাকৈয়ো বহুখিনি দি গ’ল জাতিৰ কাৰণে। তাৰ বাবে ৰমুদা সদায়ে মনত থাকিব – ক’লে মন্ত্ৰী অতুল বৰাই। ৰমুদা সঁচা অৰ্থত এগৰাকী জাতীয়তাবাদী নেতা বুলি মন্তব্য অতুল বৰাৰ।
ৰমু চলিহাই ভলীবল খেলোতে দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ কথাও সোঁৱৰে মন্ত্ৰী গৰাকীয়ে।
অসম আন্দোলনৰ কথা সোঁৱৰি অতুল বৰাৰ মন্তব্য- অসম আন্দোলনৰ নেতৃত্ব তেওঁৱেই ল’ব পাৰিলেহেতেন। কিন্তু নল’লে। বহুখিনি ত্যাগ কৰিছিল। সদৌ অসম ছাত্ৰ সন্থা শিৱসাগৰতেই পুনৰ গঠন হোৱাৰ কথাও সোঁৱৰে অতুল বৰাই।
জাতিক অত্যন্ত ভালপোৱা ব্যক্তিগৰাকীৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি মন্তব্য অতুল বৰাৰ ।