প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে আমেৰিকালৈ বুলি যাত্ৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। মঙলবাৰে পুৱাই বিশেষ বিমানযোগে আমেৰিকালৈ বুলি যাত্ৰা আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এই ভ্ৰমণ ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিয়নো ই প্ৰতিৰক্ষা উদ্যোগত সহযোগিতা শক্তিশালী কৰা আৰু উন্নত প্ৰযুক্তিৰ আদান-প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

অৱশ্যে ইয়াৰ পূৰ্বে ২১ জুনত নিউয়ৰ্কস্থিত ৰাষ্ট্ৰ সংঘৰ কাৰ্যালয়ত উদযাপন কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। য’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী অনুসৰি ৱাশ্বিংটন ডিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত মোডীয়ে ভাষণ প্ৰদান কৰিব।

ৰাজ্যিক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে দুয়ো ৰাষ্ট্ৰৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক উন্নত কৰাৰ বাবে আলোচনাত মিলিত হ’ব। টেলিকমিউনিকেচন, মহাকাশ অন্বেষণ, আৰু উৎপাদন আদি ক্ষেত্ৰসমূহ সামৰি প্ৰযুক্তিৰ ক্ষেত্ৰত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈও চেষ্টা কৰিব।

কূটনৈতিক বৈঠকৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱসায়িক নেতাৰ সৈতে সাক্ষাৎ কৰিব, আমেৰিকাত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত-বিনিময় কৰিব, আৰু বিভিন্ন ক্ষেত্ৰৰ চিন্তাশীল নেতাৰ সৈতে যোগাযোগ কৰিব। এই বহুমুখী ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ লগতে সহযোগিতা আৰু প্ৰগতিৰ নতুন সুযোগৰ দুৱাৰ মুকলি কৰিবলৈ সাজু হৈছে।

যাত্ৰাৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে তেওঁৰ ভ্ৰমণ আৰু আমেৰিকাত থকাৰ সময়ত তেওঁ অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানসমূহৰ সবিশেষ শ্বেয়াৰ কৰে। তেখেতে কয়, “মই নিশ্চিত যে মোৰ এই ভ্ৰমণৰ দ্বাৰা ভাৰতক এখন অপাৰ সম্ভাৱনীয়তাৰ স্থান হিচাপে তথা বিশ্বস্ত সহযোগী আৰু বিশ্ব নেতাৰ ৰূপত প্ৰতীয়মান কৰিবলৈ সমৰ্থ হ’ব আৰু আমেৰিকাৰ সৈতে সহযোগিতাৰ অধিক সৱলীকৰণ হোৱাত সহায়ক হ’ব৷”