বাহাৰঘাটঃ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগনত বিভিন্ন ক্ষেত্ৰৰ পোন্ধৰ গৰাকী গুৰুক পূজন কৰি সন্মান দিয়ে প্ৰজ্ঞা নলবাৰী জিলা সমিতি নামৰ সামাজিক সংগঠনটোৱে৷
পাঁচ চেপ্তেম্বৰ আছিল ড°সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন৷ সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাবে উদযাপন হৈছিল৷ উদযাপিত হৈছিল নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণটো৷ প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ উদ্যোগত উদযাপিত হৈছিল ব্যতিক্ৰমী গুৰুপূজন৷
পূৱাই ঘগ্ৰাপাৰ হাইস্কুলৰ ছাত্ৰী সকলে আধ্যাত্মিক পৰিবেশত পানীতোলা কাৰ্য্যসূচীৰে পানী তুলি সেই পানীৰে গুৰু সকলৰ চৰণ ধুৱাই আঠুকাঢ়ি সেবা লয়৷ বিভিন্ন ক্ষেত্ৰৰ পোন্ধৰ গৰাকী গুৰুৰ চৰন ধুৱাই গামোছা, জাপি, ফুলৰ মালা, মানপত্ৰ আৰু ভাৰতমাতাৰ প্ৰতিচ্ছবি অৰ্পণ কৰি সম্বৰ্ধনা জনাই৷
অনুষ্ঠানত গুৰু সকলক উদ্দেশ্যি আদৰণি ভাষন দিয়ে প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সভাপতি ডা°মুনীন দাসে৷ অনুষ্ঠান আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূৱৰ প্ৰান্তীয় প্ৰমুখ ডা° উমেশ চক্ৰবৰ্ত্তী৷ সম্পূৰ্ণ সনাতনি সংস্কৃতিৰে উদযাপিত উক্ত গুৰুপূজন অনুষ্ঠানত অজস্ৰ ছাত্ৰছাত্ৰী আৰু ৰাইজে সহযোগ কৰে৷