প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰৰ দ্বাৰা নিচামুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ

ব্ৰহ্মাকুমাৰীজৰ দ্বাৰা নিচামুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ

ভাৰত চৰকাৰৰ লগত হোৱা এক বুজা বুজি চুক্তি (MOU) ৰ অধীনত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত আজি উক্ত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নিচামুক্ত ভাৰত অভিযানৰ শুভাৰম্ভ কৰা হয়।

বন্তি প্ৰজ্বলনেৰে জিলাখনত উক্ত অভিযানৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। নিচামুক্তিৰ ওপৰত বিশ্লেষণাত্মক বক্তব্য ৰাখি ব্ৰহ্মাকুমাৰীজৰ ” মোৰ ভাৰত-নিচামুক্ত ভাৰত” অভিযানৰ ৰাষ্ট্ৰীয় সমন্বয়ক মুখ্য বক্তা ড.শচীন পৰবে কয় যে এটা বেয়া নিচাৰ পৰা মুক্তি পাবৰ বাবে এটা শক্তিশালী ভাল নিচাৰ প্ৰয়োজন। আধ্যাত্মিক শিক্ষা আৰু ৰাজযোগৰ অভ্যাসৰ দ্বাৰা মদ, ধঁপাত, ড্ৰাগছ আদি যিকোনো নিচাৰ পৰা মুক্তি লাভ কৰিব পাৰি।

সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিজ আহমেদ, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড. সৌমাৰ জ্যোতি মহন্ত, ব্ৰহ্মাকুমাৰীজৰ উজনি অসম, নগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ চাব জনৰ সঞ্চালিকা ৰাজযোগিনী ৰজনীয়েও বক্তব্য ৰাখে। শিৱসাগৰ জিলা পৰিষদৰ সভানেত্ৰী, অতিৰিক্ত উপায়ুক্ত, বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া, নিচা মুক্তি কেন্দ্ৰৰ বিষয়ববীয়া, মহাবিদ্যালয় – বিদ্যালয়ৰ শিক্ষক আৰু আৰু ছাত্ৰ ছাত্ৰী সহ প্ৰায় ৪০০ মান লোকে সভাত উপস্থিত থাকি নিচামুক্ত ভাৰত, অসম তথা শিৱসাগৰ গঢ়াৰ শপত লয়।

ব্ৰহ্মাকুমাৰী বিদিশা আৰু জিজ্ঞাসাই নৃত্য পৰিবেশন কৰে, ব্ৰহ্মাকুমাৰ ৰাজতিলকে ৰাজযোগৰ প্ৰশিক্ষণ দিয়ে আৰু সভাখন আঁত ধৰে অৱসৰপ্ৰাপ্ত কৃষি সঞ্চালক ব্ৰহ্মাকুমাৰ ড. অৰুণ চাংকাকতিয়ে।