গুৱাহাটীঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অভিযোগ উত্থাপন হোৱা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় কৰ্তৃপক্ষক এমাহৰ ভিতৰত তথ্য দাখিলৰ নিৰ্দেশনা জাৰি কৰিলে ফী ৰিভিজন কমিটিয়ে। ৰাজ্য চৰকাৰৰ ষ্পষ্ট কথা শিক্ষাৰ নামত বেপাৰ নচলিব। মুঠতে এইবাৰ মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ ৰাজ্য চৰকাৰ। বাতিল হ’ব পাৰে বহু বিদ্যালয়ৰ পঞ্জীয়ন। মাচুল সংগ্ৰহৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।
মাহিলী মাচুলৰ ক্ষেত্ৰত হকে বিহকে মাচুল ল’ব নোৱাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। আনকি চৰকাৰী নিৰ্দেশনা নমনা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পঞ্জীয়নো বাতিল হ’ব পাৰে।
আনকি আন্তঃগাথঁনি উন্নয়নৰ নামতো বৃদ্ধি কৰিব নোৱাৰিব মাচুল। মাচুল বৃদ্ধিৰ ক্ষেত্ৰত ফী ৰিভিজন কমিটিয়ে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
সকলো বিদ্যালয়ৰ বিৰুদ্ধে এই অভিযোগ নাই যদিও যিকেইখন বিদ্যালয়ৰ ওপৰত অভিযোগ আছে তেওঁলোকে আইনৰ গণ্ডীৰ ভিতৰত থাকিহে বৃদ্ধি কৰিব পাৰিব মাচুল। শিক্ষামন্ত্ৰীৰ ৰণোজ পেগুৰ স্পষ্ট কথা “লাভ উপাৰ্জনৰ বাবে বৃদ্ধি কৰিব নোৱাৰিব বিদ্যালয়ৰ মাচুল”।
উল্লেখযোগ্য যে মূল্যবৃদ্ধিৰ অজুহাতত মাধমাৰ শোধাবলৈ সাজু হৈছে অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ৪০ শতাংশ পৰ্যন্ত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছে আয়োগক। মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে ৩৮৫৬খন বিদ্যালয়ে। শীঘ্ৰে ৮ৰ পৰা ১০ শতাংশ বৃদ্ধিত সঁহাৰি জনোৱাৰ সম্ভাৱনাও আছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণ আয়োগৰ অনুমতি পালেহে মাচুল বৃদ্ধি কৰিব পাৰে ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। এই আয়োগ গঠন কৰা হৈছিল বেচৰকাৰী বিদ্যালয়ৰ স্বেচ্ছাচাৰী মাচুল বৃদ্ধিৰ প্ৰৱণতা ৰোধ কৰিবলৈ।