Asteroid ২০১১ QJ ২১: এই গ্ৰহাণুটো আজি অৰ্থাৎ ১৯ তাৰিখে নিশা পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। চেণ্টাৰ ফৰ নিয়াৰ-আৰ্থ অবজেক্ট ষ্টাডিজে (CNEOS) প্ৰদান কৰা তথ্য অনুসৰি ই ঘণ্টাত ৫৪ হাজাৰ কিলোমিটাৰ বেগত পাৰ হ’ব। প্ৰায় ৫০ লাখ কিলোমিটাৰ দূৰত্বত বিশ্ববাসীক বিদায় দিয়াৰ পিছত ই নিজৰ গন্তব্যস্থানৰ দিশে গতি কৰিব।
Asteroid ২০২৩ পিএম ১ : এই গ্ৰহাণুটোৱে প্ৰতি ঘণ্টাত ৬৬৮৬০ কিলোমিটাৰ বেগত পৃথিৱীৰ ফালে আহি আছে। প্ৰথমবাৰৰ বাবে ১৩ আগষ্টত ইয়াক প্ৰথম দেখা গৈছিল আৰু ২১ তাৰিখে ই পৃথিৱী অতিক্ৰম কৰিব। নাছাৰ মতে ই ইমান ডাঙৰ নহয়, গতিকে ইয়াৰ বাবে চিন্তাৰ কাৰণ নাই। এই গ্ৰহাণুটোৰ বহল ২২০ ফুট।
Asteroid ২০২৩ QE: এখন বাছৰ আকাৰৰ প্ৰায় এটা গ্ৰহাণু। ৩৭ ফুট বহল এই গ্ৰহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হ’লে ঘণ্টাত ২৩,৬০৯ কিলোমিটাৰ গতিবেগ লাভ কৰিব। এই গ্ৰহাণুটোৱে পৃথিৱীৰ পৰা ২০ লাখ কিলোমিটাৰ দূৰত্বৰে অতিক্ৰম কৰিব।