পুখুৰীত বিহ ঢালি নিধন কৰিলে হাজাৰ হাজাৰ মাছ

কিমান নিকৃষ্ট হব পাৰে জীৱশ্ৰেষ্ঠ?জীৱশ্ৰেষ্ঠ মানুহৰ চিন্তা, কিমান নীচ হলে সাধাৰণ সংঘাতৰ বাবেই কৰিব পাৰে নিকৃষ্টতকৈ নিকৃষ্টতম কাম ? তেনে এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধা গাঁৱত।

পুখুৰীত বিহ ঢালি নিধন কৰিলে হাজাৰ হাজাৰ মাছ। গাঁওখনৰ কাদেৰ আলী নামৰ লোকজনৰ পুখুৰীত দূৰ্বৃত্তই বিহ ঢালি নিধন কৰে হাজাৰ হাজাৰ সৰু বৰ মাছ। গাঁওখনৰ তোৰাপ আলী আৰু ৰবিউল হুছেইনে এদল মানুহ লৈ নিশাৰ ভাগত পুখুৰীত বিহ ঢালি থৈ যায় বুলি অভিযোগ উত্থাপন হৈছে । ফলত নিশাৰ ভিতৰতে পুখুৰীটোত থকা প্ৰায় ৭/৮ লাখ টকাৰ মাছৰ মৃত্যু হয়। প্ৰতিহিংসা আৰু আক্ৰোশমূলক ভাৱেই এই ঘটনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আব্দুল কাদেৰে ।

ইতিমধ্যে ঘটনাস্তলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কাছুমাৰা আৰক্ষীয়ে।এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শীঘ্ৰেই এই নিকৃষ্ট কাণ্ডত জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে পুখুৰীৰ গৰাকীয়ে।