পিষ্টল দেখুৱাই মহিলাৰ পৰা সোণৰ চেইন কঢ়া দুই দুৰ্বৃত্ত আৰক্ষীৰ জালত

গুৱাহাটীঃ মহানগৰীৰ আৰক্ষীয়ে মঙলবাৰে কৰায়ত্ব কৰে অধিবক্তা মমিতা বৰাৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া দুই চেইন চোৰক।

ৰাজগড়ৰ ১২ নং বাইলেনৰ কুণ্ডিল নগৰত মাৰণাস্ত্র দেখুৱাই কাঢ়ি নিছিল সোণৰ চেইন। যোৱা সোমবাৰে, অধিবক্তা গৰাকী প্রাতঃভ্রমণলৈ যোৱাৰ সময়ত সংঘটিত হৈছিল এই ঘটনা। CCTVত বন্দী হৈছিল সমগ্র ঘটনা। মঙলবাৰে নিশা চানমাৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে দুয়োকে। দুই চোৰে ব্যৱহাৰ কৰা পালছাৰ বাইক জব্দ আৰক্ষীৰ। বাইকখনৰ নম্বৰ AS01 BQ8345।

ইতিমধ্যে মমিতা বৰাই চিনাক্ত কৰিছে ২ দুৰ্বৃত্তক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।