পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা কৰিলে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আতা বন্দিয়ালে দিয়া এক শুনানিত এই মন্তব্য কৰে যে, ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই ন্যায়ালয়ৰ কোনো অনুমতি অবিহনে ইমৰান খানক বলপূৰ্বক গ্ৰেপ্তাৰ কৰি লৈ যোৱা কাৰ্য এক বেআইনী কাৰ্য আৰু ই ভৱিষ্যতে পাকিস্তানৰ নেছনেল একাউন্টেবিলিটি ব্যুৰ’ক এনে ক‍াৰ্যৰ পুনৰাবৃত্তিৰ বাবে উৎসাহ যোগাব । কেৱল এয়াই নহয় উচ্চতম ন্যায়ালয়ে দিয়া এক লিখিত নিৰ্দেশত এই কথাও সন্নিৱিষ্ট আছে যে, এনে কাৰ্যই প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ন্যায়ৰ স্বাধীনতা খৰ্ব কৰিছে । খানক পাকিস্তানৰ পেৰা মিলিটেৰীয়ে মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই বলপূৰ্ব গ্ৰেপ্তাৰ কৰি নিছিল । এই গ্ৰেপ্তাৰৰ পাছতেই সমগ্ৰ দেশখনত প্ৰতিবাদৰ জুই পৰিলক্ষিত হৈছিল । প্ৰতিবাদৰ বাবে শতাধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ওপৰিও আৰক্ষীয়ে শীতল মস্তিষ্কৰে কেইবাজনো প্ৰতিবাদকাৰীক হত্যা কৰাৰ ভিডিঅ’ই সমগ্ৰ দেশ জোকাৰি গৈছিল । তেনে পৰিস্থিতিত দেশখনৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ অতিকৈ প্ৰয়োজনীয় হৈ পৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *