স্প’ৰ্টছ ডেস্কঃ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আগন্তুক এছিয়া কাপৰ বাবে প্ৰথমটো দল ঘোষণা কৰিছে। ইনজামাম-উল-হকৰ নেতৃত্বত বাছনি সমিতিখনে চলিত মাহত আফগানিস্তানৰ বিৰুদ্ধে ৩খন মেচৰ এদিনীয়া শৃংখলা আৰু ৩০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপৰ বাবে ১৮ জনীয়া দল ঘোষণা কৰে।
যোৱা জানুৱাৰী মাহত পাকিস্তানৰ এদিনীয়া দলৰ সহকাৰী অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল শ্বান মাছুদক। এইবাৰ আফগানিস্তান আৰু এছিয়া কাপৰ বাবে তেওঁ দলত অন্তৰ্ভুক্ত নহ’ল। পুনৰ পাকিস্তান দললৈ মাতি অনা হৈছে ফাহিম আশ্ৰাফক। যোৱা মে’ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে দলৰ পৰা বাদ দিয়া হৈছিল হাৰিছ ছ’হেইল, ইহছানুল্লাক।
পাকিস্তানৰ এছিয়া কাপৰ দলত এইবাৰ অভিজ্ঞতা আৰু শেহতীয়া ফৰ্মৰ আধিপত্য। পাকিস্তান দলৰ মুখ্য নিৰ্বাচক ইনজামামেও সংবাদমেলত ফাহীমক দলত লোৱাৰ কাৰণ ব্যাখ্যা কৰে। তেওঁ কয় যে যিহেতু দলত আৰু অল-ৰাউণ্ডাৰ নাই, সেয়েহে তেওঁলোকে তেওঁক অগ্ৰাধিকাৰ দিছিল। বিশেষকৈ তেওঁলোকে বিচাৰিছিল পেচ বলিং অল ৰাউণ্ডাৰ।
আফগানিস্তানৰ শৃংখলা আৰু এছিয়া কাপৰ দল:
অ’পেনাৰ : আব্দুল্লা ছফিক, ফখৰ জামান, ইমাম উল হক।
মধ্যম ক্ৰমত: বাবৰ আজম (অধিনায়ক), ছলমান আলী আঘা, ইফতেখৰ আহমেদ, তায়েব তাহিৰ আৰু চৌদ শ্বাকিল।
উইকেটৰক্ষক : মহম্মদ ৰিজৱান, মহম্মদ হৰিছ।
স্পিনাৰ : ছাদাব খান (উপ অধিনায়ক), মহম্মদ নৱাজ আৰু উছামা মিৰ।
পেচ-অলৰাউণ্ডাৰ: ফাহীম আশ্ৰফ।
পেচাৰ : হৰিশ ৰাউফ, মহম্মদ ৱাছিম জুনিয়ৰ, নছিম শ্বাহ আৰু শ্বাহীন আফ্ৰিদি।