পাকা বেতবাৰী উন্নয়ন খণ্ড ৰ অন্তৰ্গত ৩৭ নং দক্ষিন পুৱ পাকা গাওঁ পঞ্চায়তৰ উদ্যোগত বাল্যবিৱাহ প্ৰতিৰোধ আৰু টিনেজ প্ৰেগনেঞ্চি সন্দৰ্ভত বাৰ্ডৰ ভিত্তিত বিশেষ সজাগতা সভা আয়োজন কৰা হৈছে।
কিছু দিন আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাশৰ্মৰ নিৰ্দেশত হাজাৰ হাজাৰ অবধৈ স্বামীক গেৰেপ্তাৰ কৰি জেলহাজতলৈ প্ৰেৰন কৰিছিল পুনৰ বাল্যবিৱাহ অপৰত অভিযান চলাব হিমন্ত চৰকাৰে তাৰ সমান্তৰালভাৱে গাওঁ সমুহত বিশেষ ভাবে বাল্যবিৱাহ বৃদ্ধি হোৱাত চৰকাৰৰ নিৰ্দেশ অনুসৰি গাওঁ পঞ্চায়ত সমুহৰ এলেকালত সভা পাতি বাল্যবিৱাহ ওপৰত বিশেষ ভাবে সজাগতা সভা আয়োজন কৰা হৈছে যাতে বাল্যবিৱাহ ৰোধ হয় তাৰে প্ৰয়াস হিমন্ত চৰকাৰৰ৷
পাকা বেতবাৰী উন্নয়ন খণ্ড ৰ অন্তৰ্গত ৩৭ নং দক্ষিন পুৱ পাকা গাওঁ পঞ্চায়তৰ উদ্যোগত বাল্যবিৱাহ প্ৰতিৰোধ আৰু টিনেজ প্ৰেগনেঞ্চি সন্দৰ্ভত বাৰ্ডৰ ভিত্তিত বিশেষ সজাগতা সভা আয়োজন কৰা হৈছে৷
এই সজাগতা সভাত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোৱঁৰ,পঞ্চায়ত সচিব ,পঞ্চায়ত সভাপতি,পঞ্চায়তৰ মেম্বাৰ,গাওঁ প্ৰধান,স্বাস্থ্য কৰ্মী,আশাকৰ্মীৰ লগতে গাওঁৰ ৰাইজৰ লগত এই সভা আয়োজন কৰা হৈছে৷