গুৱাহাটীঃ গুৱাহাটীত অঘটন ৷ সন্ধানহীন হৈ আছে পল্টন বজাৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল । নাম গায়ত্ৰী হাজৰিকা ৷ ইতিমধ্যে শৰাইঘাট দলঙৰ পাৰত উদ্ধাৰ হৈছে গায়ত্ৰীৰ ম’বাইল ফোন, ছেণ্ডেল, চশচমাকে ধৰি আৰু বহু সামগ্ৰী ।
মঙলবাৰে পুৱাই আহিছে এই বিশেষ খবৰটো ৷ জানিব পৰা মতে, পল্টন বজাৰ থানাৰ এগৰাকী মহিলা কনিষ্টবল সন্ধানহীন হৈ আছে । সন্ধানহীন কনিষ্টবলগৰাকীৰ নাম গায়ত্ৰী হাজৰিকা । গায়ত্ৰী হাজৰিকাৰ ঘৰ নগাঁৱৰ বঢ়মপুৰত। ইতিমধ্যে শৰাইঘাট দলঙৰ পাৰত উদ্ধাৰ হৈছে নিখোঁজ হৈ থকা গায়ত্ৰীৰ ম’বাইল ফোন, চেণ্ডেল, চশচমাকে ধৰি আৰু বহুকেইপদ সামগ্ৰী ।
উল্লেখ্য যে, মহিলা আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকা শিলসাঁকোৰ উচ্ছেদ অভিযানত কৰ্মৰত হৈ আছিল । শিলসাঁকোত কৰ্তব্য নকৰো বুলি বাৰম্বাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক জনাই আহিছিল গায়ত্ৰীয়ে । তাৰ পিচতো গায়ত্ৰীৰ কথাক কোনো গুৰুত্ব নিদি আৰক্ষীৰ শীৰ্ষ বিষয়াই শিলসাঁকোৰ উচ্ছেদত নিয়োজিত কৰিছিল তেওঁক ।
নিজ কৰ্তব্য সম্পাদন কৰাৰ পাচতো আৰক্ষীৰ শীৰ্ষ বিষয়াই হেঁচা প্ৰয়োগ কৰাৰ ফলত আৰক্ষী কনিষ্টবল গায়ত্ৰী হাজৰিকাই ব্ৰহ্মপুত্ৰত জাপ দি আত্মহত্যা কৰাৰ সন্ধেহ প্ৰকাশ কৰিছে একাংশই । গায়ত্ৰীৰ সন্ধানত ইতিমধ্যে ব্ৰহ্মপুত্ৰত অভিযান চলাইছে এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীৰ লোকে।
আনহাতে ৰসহ্যজনক ভাৱে সমগ্ৰ বিষয়তো গাপ দিয়াৰ চেষ্টা কৰিছে মহানগৰ আৰক্ষীয়ে । বাতৰি যুগুত কৰা পৰলৈকে নিৰুদ্দেশ হৈ থকা গায়ত্ৰী হাজৰিকাৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো মন্তব্য প্ৰদান কৰা নাই ।
উল্লেখযোগ্য যে, বিগত চাৰিদিন ধৰি শিলসাঁকোত চলি আছিল উচ্ছেদ অভিযান । এই উচ্ছেদ অভিযানৰ সৈতে গায়ত্ৰী হাজৰিকা নিখোঁজ হৈ থকাৰ মাজত গভীৰ সম্পৰ্ক আছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷