শিৱসাগৰঃ কলংকিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই ২০১৯ চনত মাৰপিট কৰি হ’ম গাৰ্ডৰ চাকৰিৰ পৰাও খেদি দিয়া অনিল পাটৰৰ (৪৫) বাসগৃহত আজি উপস্থিত হয়গৈ বীৰ লাচিত সেনাৰ এটা দল।
বীৰ লাচিত সেনাৰ শৃংখল চলিহা, অনুপম সন্দিকৈকে ধৰি কেইগৰাকী বিষয়ববীয়াই অনিল পাটৰক সাক্ষাৎ কৰি অনাগত দিনত সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বিনা দোষত চাকৰি হেৰুৱা অনিল পাটৰক যাতে পুনৰ হ’ম গাৰ্ডত মকৰল কৰে তাৰো দাবী তুলি শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰে।
ইপিনে শুভলক্ষ্মী দত্তক অসম আৰক্ষীয়ে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ আঁৰত ৰাজনৈতিক নেতাৰ আশীৰ্বাদ থকা বুলি ক্ষোভ প্ৰকাশ কৰে। লগতে অচিৰেই যদিহে শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ নকৰে বীৰ লাচিত সেনাও প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিয়ে।
ইপিনে বীৰ লাচিত সেনাই পৰিয়ালটোৰ কাষত থিয় হোৱাত সন্তোষ প্ৰকাশ কৰিছে অনিল পাটৰে। পুনৰ যাতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰে তাৰ বাবেও অনিল পাটৰে চৰকাৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।
উল্লেখ্য যে পানবেছাস্থিত অনিল পাটৰ সম্প্ৰতি অতি আৰ্থিক অনাটনৰ মাজত এটা বিধ্বস্ত বাসগৃহত জীৱন নিৰ্বাহ কৰি আছে।
শুভলক্ষ্মী দত্ত এনে দুৰৱস্থাৰ মূল কাৰণ বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনিল পাটৰে।
অনাগত দিনত অনিল পাটৰৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে কিবা পদক্ষেপ গ্ৰহণ কৰিব নে নকৰে সেয়া লক্ষ্যণীয় হ’ব।