গুৱাহাটীৰ পদপথত চবজি ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া পিতৃয়ে কন্যাক উজলাই তুলিলে সদস্যঘোষিত মেট্ৰিক পৰীক্ষাত।
দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে নলবাৰী জিলাৰ শ’লমাৰৰ সানেকুচি গাঁওৰ অংকিতা বৰ্মনে। অংকিতাই সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত ৭৬.৩৩,% শতাংশ নম্বৰেৰে জিলিকি উঠিছে মেট্ৰিক পৰীক্ষাত । তেওঁ এটি উৰুখা পজাত টিউচন নোহোৱাকৈ ইংৰাজীত ৮২ আৰু সমাজ বিজ্ঞানত ৮৭ নম্বৰ লাভ কৰিছে। ভবিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ মন অংকিতাৰ।
উল্লেখযোগ্য আৰ্থিক অনাটনে জুৰুলা কৰা এই পৰিয়ালটোৰ পৰা উচ্চ শিক্ষা লাভৰ সপোন দেখি থকা অংকিতাৰ পৰিয়ালক এতিয়া আৰ্থিক সাহায্যৰ প্ৰয়োজন। ভবিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হৈ প্ৰশাসনীয় সংস্কাৰ কৰিবলৈ হেঁপাহ থকা অংকিতাৰ সপোন বাস্তৱ কৰিবলৈ দল, সংগঠন আৰু চৰকাৰৰ প্ৰতি পৰিয়ালটোৰ আৰ্থিক সাহায্য আহ্বান ।