পঃ বঃ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী ভাষা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু পদ্ধতি সম্পৰ্কে কৰ্মশালা৷

বাহাৰঘাটঃ শুক্ৰবাৰে পঃ বঃ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী ভাষা শিক্ষাৰ প্ৰয়োজনীয়তা আৰু পদ্ধতি সম্পৰ্কে কৰ্মশালা হৈ যায়৷

উক্ত দিনা, নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত নতুন শিক্ষা নীতিৰ আধাৰত ইংৰাজী ভাষা শিকাৰ প্ৰয়োজনীয়তা আৰু শিক্ষন পদ্ধতিৰ বিষয়ে এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ তদুপলক্ষে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি শচীন্দ্ৰ শৰ্মাৰ সঞ্চালনাত আয়োজিত কৰ্মশালা উদ্বোধন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৰেন ডেকাই৷

অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে পূৱ নলবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষক ড°ৰাজেশ কাকতি৷ বিদ্যালয় খনৰ ইংৰাজী বিষয় শিক্ষক মানসজ্যোতি শৰ্মাই বিষয়বস্তুৰ ওপৰত বিশ্লেষণ দিয়া আৰু সহঃশিক্ষক অনিল চন্দ্ৰ শৰ্মাই আতধৰা কৰ্মশালা খনত উক্ত বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ অধীনস্থ আতাইকৈখন শিক্ষানুষ্ঠানৰ ইংৰাজী বিষয়ৰ শিক্ষক সমূহ উপস্থিত থাকে৷