নেপালৰ লামজুৰাত হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটকে ধৰি ৫ জন মেক্সিকান লোকৰ মৃত্যু

মাউণ্ট এভাৰেষ্টৰ ওচৰত সংঘটিত এক বিধ্বংসী ঘটনাত এখন ব্যক্তিগত বাণিজ্যিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ফলত মেক্সিকান পৰিয়ালৰ পাঁচজন সদস্যসহ ছয়জন লোকৰ মৃত্যু হয়।

মঙলবাৰে পুৱা ১০ বজাত কাঠমাণ্ডুৰ পৰা ছুলুখুম্ভুলৈ উৰা মাৰিছিল দুৰ্ভগীয়া হেলিকপ্টাৰখনে। উৰণৰ ১২ মিনিটৰ পাছতেই সংযোগ বিচ্ছিন্ন হোৱাৰ ফলত হেলিকপ্টাৰখন সন্ধানহীন হোৱাৰ কথা অৱগত কৰিছিল বিভাগীয় কৰ্তৃপক্ষই।

ইয়াৰ পাছতেই সন্ধানহীন হেলিকপ্টাৰখনৰ উদ্ধাৰ অভিযানত নামি পৰিছিল নেপালৰ বায়ুসেনা। আৰু প্ৰায় আঢ়ৈ ঘণ্টাজোৰা অভিযানৰ পাছত অৱশেষত উদ্ধাৰ কৰা হয় হেলিকপ্টাৰখন। উল্লেখ্য হেলিকপ্টাৰখনত আছিল ৬ জনকৈ যাত্ৰী। আনহাতে ৬ জন যাত্ৰীৰ ৫ জনেই আছিল মেক্সিকান নাগৰিক। দুৰ্ঘটনাটোত পাইলটসহ আটাইকেইজনৰে মৃত্যু ঘটিছিল।

হেলিকপ্টাৰখন দূৰৱৰ্তী পাহাৰীয়া চোলুখুম্বু জিলাৰ লিখুপাইক গ্ৰাম্য পৌৰসভাৰ লামজুৰা অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

পাঁচোজন বিদেশী যাত্ৰী মেক্সিকান পৰিয়ালৰ সদস্য আছিল। তেওঁলোকক চিফুৱেণ্টেছ জি ফাৰ্নাণ্ডো (৯৫) আৰু চিফুৱেণ্টেছ ৰিনকন ইছমাইল (৯৮) বুলি চিনাক্ত কৰা হৈছে, দুয়োজন পুৰুষৰ লগতে তিনিগৰাকী মহিলা হ’ল ক্ৰমে – চিফুৱেণ্টেছ গংগালেজ আব্ৰিল (৭২), গংগালেজ ওলাচিও লুজ (৬৫) আৰু চিফুৱেণ্টেছ জি মাৰিয়া জেছ (৫২) । আনহাতে, নেপালী পাইলটজনৰ নাম আছিল কেপ্তেইন চেট বাহাদুৰ গুৰুং।