নুনমাটিত যুৱকৰ আত্মহননঃ শৌচাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কোকৰাঝাৰৰ যুৱকৰ

গুৱাহাটীঃ মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ। চিপ লৈ থকা অৱস্থাত শৌচালয়ত উদ্ধাৰ হয় এজন যুৱকৰ
মৃতদেহ। বামুনীমৈদামৰ ডি এছ গ্ৰুপত কৰ্মৰত
যুৱকজনৰ নাম ৰাজা নাৰ্জাৰী ৷ ঘৰ
কোকৰাঝাৰত বুলি জানিব পৰা গৈছে।

যুৱক জনে নুনমাটিৰ এটা ভাড়াঘৰত কেইবাজনো যুৱকৰ স’তে একেলগে বাস কৰিছিল। যোৱা ২৩ ছেপ্তেম্বৰৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন।

আজি আৰক্ষীয়ে শৌচালয়ৰ দুৱাৰ ভাঙি চিপ লৈ
থকা অৱস্থাত উদ্ধাৰ কৰে যুৱকজনৰ নিথৰ দেহ।

ইতিমধ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ
মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি
এইছলৈ প্ৰেৰন কৰি তদন্ত আৰম্ভ কৰিছে।