ব্যক্তিগত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ পুত্ৰৰ সফলতা। নীট পৰীক্ষাত উজলিল নলবাৰী বৰভাগৰ নীলোৎপল।
সদ্যঘোষিত নীট পৰীক্ষাত স্থান লাভ কৰি নলবাৰীৰ বৰভাগলৈ গৌৰৱ কঢ়িয়াই আনিছে নীলোৎপল বৰুৱাই। বৰভাগৰ কমাৰকুছি নিবাসী প্ৰণৱজ্যোতি বৰুৱা আৰু নৰ্মদা বৰুৱাৰ একমাত্ৰ সন্তান নীলোৎপলৰ এই সাফল্যত স্বাভাৱিকতেই পৰিয়ালটোৰ লগতে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। মন কৰিবলগীয়া যে,পৰিয়ালটোৰ উপাৰ্জনকাৰী হিচাপে নিলোৎপলৰ মাতৃ নৰ্মদা বৰুৱাই কমাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষয়িত্ৰী হিচাপে পৰিয়াল চলাই আহিছে।
ইপিনে, নীলোৎপলে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৯০ শতাংশ নম্বৰ লাভ কৰি নীটৰ বাবে অনলাইন কোচ্ছিংযোগে অধ্যয়ন চলাই আহিছিল। স্বাভাৱিকতেই মুঠ ৬১৯ নম্বৰ লাভ কৰি নীলোৎপলে নীটত স্থান লাভ কৰাত আনন্দৰ বন্যা বৈছে কমাৰকুছিৰ লগতে বৃহত্তৰ বৰভাগ অঞ্চলত। বিভিন্নজনে জ্ঞাপন কৰিছে শুভেচ্ছা।